Show/Hide Keyboard Layout

আলফুলীয়া কপৌফুল

- দিপেন বৰুৱা

(স্ত্ৰী)

আলফুলীয়া

কপৌফুল

অ’ দেহি ক’ত পালা

চিৎ বিয়াকুল ।

 

(পু)

হাবি ভাঙি দেখিলোঁ

অ’ বিৰিখ বগাই চিঙিলোঁ

কোন হাঁহি এই পাহি

বনৰীয়া ফুল ।

 

(পু)

হাতত কিয় ল’লা

পিচলি জানো পৰে

জানো নুশুৱাই ।

 

(স্ত্ৰী)

পৰে যদি পিচলি

দিবা দেই বুটলি ।

 

(পু)

আকৌ যদি পিচলি যায়

তাতকৈ দিওঁ নেকি

খোপাতে পিন্ধাই ।

 

(পু)

খোপাত, হালে জালে

মৰম, যুগমীয়া

ঢৌ তুলি যায় ।

 

(স্ত্ৰী)

ঢৌ লাগে মৰমৰ

ফুলে ফুল সপোনৰ ।

 

(পু)

ফুল যদি মৰহি যায়

তাতকৈ মালা গাঁথি

লোৱা এতিয়াই ।।

Hits: 3185